মোৰ দাপোনত তোমাৰ ছবি !
Thursday, 19 July 2018
Thursday, 3 May 2018
♥অনূভূতি ♥
এইটোৱে নিয়ম,
দীৰ্ঘদিন প্ৰেম কৰাৰ পিছত
পৰিয়ালৰ চাপত…
অৱশেষত ছোৱালীজনী এজন অচিনাকী লৰাৰ লগত বিয়াত বহিব .. বাধ্যত পৰি ৷
ফুলশয্যাৰ ৰাতি নকইনাৰ ওপৰত প্ৰীতি জাগি উঠিব ৷
নকইনাই খামুচি ধৰি ৰখা বিছনা কেৱল চকুত হে পৰিব ৷
কুমাৰীত্ব হৰণৰ মাদকতাত ছোৱালীজনীৰ চকুৰে নিগৰি অহা কেইটোপাল চকুলো তাইৰ নেদেখা হৈয়ে ৰব ৷
ছোৱালীজনীৰ দ্বাৰা স্বামীৰ শৰীৰৰ প্ৰতিটো খামোচৰ দাগে স্বামীক আৰু বেছি উন্মাদ কৰি তুলিব ৷
আৰু সেই সময়ত হয়তো ছোৱালীজনীৰ পুৰণি প্ৰেমিকৰ হাত নতুন ব্লেডৰ আচৰত ৰক্তাত্ব হব ৷
ৰাতিপুৱাব.... ☺
ছোৱালীজনীয়ে স্বামী,নতুন মা-দেউতাৰ লগত ব্যস্ত হৈ যাব ৷
এটা সময়ত হয়তো ছোৱালীজনীয়ে তাৰ প্ৰেমিকৰ কথা পাহৰি পেলাব ৷
আৰু নহলে কোনো এক নিৰৱ সময়ত প্ৰেমিকৰ কথা মনত পেলাই চকুৰ কোণত হ্ৰদ জন্মাব ৷
প্ৰেমিকেও হয়তো তাইক পাহৰিবলৈ
চেষ্টা কৰি কৰি নতুন প্ৰেমিকাৰ সন্ধান পাই যাব ৷
⇣
পিছে এনেবোৰ ঘটনা আজিৰ নহয়
যুগ যুগ ধৰি চলি আহি আছে আৰু চলি যাব ৷
তাৰ পিছতো মানুহৰ জীৱনলৈ প্ৰেম আহে,আছে আৰু আহিব ৷৷ 😃
Friday, 16 February 2018
One Side Love আৰু তাৰ দুখ
কোৱা হয়,সময়ৰ লগে লগে সকলো দুখ মুছি যায় ৷ কিন্তু One Sided Love সেইটো দুখ যাক সময়েও কমাব নোৱাৰে ৷ সময়ৰ লগে লগে ই দুগুন বিষাক্ত হৈ পৰে ৷ সহশ্ৰ মানুহৰ মাজতো আমি নিজকে অকলশৰীয়া যেন পাওঁ ৷ সেই এজন ব্যক্তিৰ অভাৱ যেন সহশ্ৰ মানুহৰ ভিৰেও পূৰাব নোৱাৰে ৷
.
মানুহে কয়,'টকা,পইছাৰে সকলো ধৰনৰ সুখ লাভ কৰিব পাৰি' ৷ কিন্তু টকা, পইছাৰে সচাঁ মৰম,ভালপোৱা পাব নোৱাৰি ৷ এইটোৱেই সেই অভাৱ যাক সম্পত্তিয়েও পূৰাব নোৱাৰে ৷
.
মানুহে কয়,'প্ৰেম,ভালপোৱা ভাগ্যৰ বলতহে পোৱা যায় ' ৷ তেতিয়াহলে প্ৰেম কিয় এনেকুৱা এজন ব্যক্তিৰ লগত হয় যি আমাৰ ভাগ্যত নাথাকে ৷
সচাঁতো এইটোৱে আমি সময়ৰ লগত জীয়াই থাকিবলৈ শিকোঁ, নিজৰ জীৱনটোও আনৰ নামত উছৰ্গা কৰো কিন্তু ❤এই হৃদয়.......এই❤ হৃদয় তাতেই স্তব্ধ হৈ ৰয় ৷
যত আমি জানিব পাৰো আমাৰ love One Sided .......💓
.
আমাৰ অবুজ হৃদয়ৰ ধপ-ধপনি কেৱল তাক দেখিয়ে তীব্ৰ হয় যাক আমি সচাঁ মন,আত্মাৰে ভালপাওঁ ৷
One Sided Love .......💓 One Sided Love সেইটো অভাৱ যাক কেৱল তেওঁয়ে পুৰন কৰিব পাৰে যোনে আমাক এই পৰিস্থিতিৰ লগত চিনাকী কৰাই দিয়ে ৷
One Side Love'অৰ এই দুখ জীয়াই থকালৈ আমাৰ সংগী হৈ যায় ৷৷
Sunday, 30 July 2017
অবহেলা
⇏ দীৰ্ঘ অপেক্ষাৰ পিছত হঠাত ফোনটো বাজি উঠিল ৷ ☎
অলপো পলম নকৰি উপাসনাই ফোনটো ৰিছিভ কৰিলে ৷ "কেনে আছা ?"
⇏ ঠিকে আছো,তুমি ?
⇏ ভালে আছো দিয়া,অফিচৰ পৰা কেতিয়া আহিলা ? কিবা খাইছা ?
⇏ আহা বহু সময় হল ৷ ভাত খাই অলপ লগবোৰৰ লগত আড্ডা দি আহিলো ৷ "ঐ..মই এতিয়া বহুত ক্লান্ত...ৰাখো ফোনটো ..পিছত কথা পাতিম.. Good Night ..তুমিও শুই থাকা !!"
⇏অ'কে বাই ......
⇏ ৰাতিপুৱা উপাসনা আকৌ ফোন কৰিল ...
⇏ মই অফিচ গৈ আছো ৷ পিছত কথা পাতো ৰবা ....!
⇏ দুপৰিয়া ফোন কৰিল ... লান্চ কৰিলা ..?
⇏ হমমম,,তুমি ?
⇏ না..নাই কৰা ৷
⇏ ঠিক আছে লান্চ কৰি লবা ৷ বাই পিছত কথা পাতি আছো হা ...!
⇏ ৰবা,আচ্ছা তোমাৰ এই "পিছত"টো আহিব কেতিয়া.. জনাবা মোক..? ক'ত আগেতো এনেকুৱা কৰা নাছিলা .. ৰিলেশ্বনৰ আৰাম্ভনিত কথা কোৱাৰ কাৰনে বলিয়া আছিলা ৷ হাজাৰ ব্যস্ততাৰ মাজেৰেও কথা পাতিছিলা ৷ ৰাতি ৰাতিও কথা পাতিছিলা ৷ তেতিয়াহলে এতিয়া কিয় মোৰ লগত এনেকুৱা কৰিছা ..কিয় ইমান ইগনোৰ কৰি আছা ..বিশ্বাস কৰা মই এইবোৰ সহ্য কৰিব পৰা নাই ..মোৰ কষ্ট হয় তোমাৰ এই অবহেলাবোৰক মানি লবলৈ ..প্লিজ, এনেকুৱা মোৰ লগত নকৰিবা 😢😢😭 বহুত ভালপাওঁ তোমাক 😓😓
⇏ এতিয়া বাই .....
( কিছুমান কাম জানি বুজি কৰা যায় আৰু কেতিয়াবা অজানিতে হৈ যায় ৷ আপোন মানুহজনক হেৰাই দিয়াৰ পিছতহে তাৰ মূল্য বুজি পোৱা যায় ৷)
Tuesday, 18 July 2017
Monday, 17 July 2017
আজিৰ জ্ঞান
আৰ্থিক স্থিতি যিমানেই ভাল নহওঁক কিয়
জীৱনৰ প্ৰকৃত আনন্দ লবলৈ হলে
মানসিক স্থিতি ভাল হোৱাটো দৰকাৰ ৷
.
মিছলীয়া হৈও নিজকে সচা প্ৰমাণ কৰিবলৈ সিমান কঠিন পৰিস্থিতিৰ সন্মূখীন হব নালাগে,
যিমান নেকি সচা হৈও নিজকে সচা প্ৰমাণ কৰিবলৈ সন্মূখীন হব লাগে ৷৷ 😊
