বহুদিনৰ পিছত অশুদ্ধ চিঠি এখন লিখিলোঁ,কালৈ নাজানো,পঢ়িব পৰা...
.
.
মৰমৰ,
চিঠি আজিকালি কোনেও নিলিখে,মইও,যিখন নদী মোৰ ঘৰৰ ঠিক ওচৰৰে বৈ গৈছে অথচ তাৰ লগত এটা কথাও কোৱা নহল,মুখামখি এখন্তেক বহাও নহল,তালৈ চিঠি লিখাৰ সাহস কিম্বা সাধ্য মোৰ নাই,সেইদিনাও নাছিল,তথাপিও আজি বৰ ইচ্ছা গল পাহাৰ প্ৰমাণ বিষাদৰ মাজত বহি এটি অন্তত লিখিবলৈ,কাৰন জনা নাই মোৰ,কিন্তুু এনেকুৱা ইচ্ছা সদায় নহয়,মোৰ তো কোনো মেঘপিওনো নাই যাৰ বেগত কাগজৰ খামটি গুজি দি কম,যা মেঘ তাইক দেখিলে পেলাই দিবি এই চিঠি....
তেতিয়া হলে লিখি কি লাভ ....?
আজিকালি মোৰ ঘৰৰ বেৰ বোৰো জ্ঞাত,কি দৰে বন্ধ ৰাখো সমস্ত ৰ্দজা,খিৰিকি,
হয়...হয়তো তোমাৰ বাবে,হয়তো নহয় ৷
লোভ ঠেলি,শৰীৰ কোচাই মেলি ৰাখো চৌকাঠ,যাতে কোনেও কেতিয়াও বিপদসীমা অতিক্ৰম কৰিব নোৱাৰে ৰাতিৰ পিছত ৰাতি জোৰা লগাই প্ৰভাতী পুৱাৰ মালা গাথো ৷ দুপৰীয়া হলে সেইবোৰ ভাঙি পেলাওঁ আকৌ...মোৰ টোপনি ধৰে,ঠান্ডা লাগে সন্ধীয়া,কপালত তোমাৰ হাত টানি লওঁ ....৷
এইবোৰ তুমি জনাৰ কথ নহয় যদিও এইবোৰৰ মাজতে মোৰ ঘড়ীৰ কাইটডাল থমকি আজি এযুগ হল,জানা..?
এখন এখন কৰি মহাসাগৰ এৰি যাওঁ এতিয়া, এটা এটাকৈ তীব্ৰ বসন্ত কিম্বা বৰ্ষা,মই সকলোবোৰ অকলেই পাৰ কৰো ,
ৰাস্তা-ঘাটে, নিৰ্জন ঘাহনিত নাইবা জনসমুদ্ৰৰৰ মাজতো কাইট লৰচৰ নকৰে...কিয়.....৷
কিয় কোৱাচোন ...?
মই তিতা ৰাতিবোৰ এতিয়াও গোপনে পানী জোখা সেই শহাপশুৰ দৰেই...অদ্ভূত নহয়নে ...?
লতা কিম্বা ঘাহনিৰ কাইটবোৰক আওকাণ নকৰি খোজকাঢ়ি যাও বহু দুৰলৈ ....
আমাৰ সেই বকুলজোপাক প্ৰশ্ন কৰো...
সেইদিনটো মনত আছেনে ..?
মনত ৰাখিবা...মনত ৰাখিবা ...
নতুন দুজন বহিব আহিলে যন্তআত্তি কৰিবা,বুজাই দিবা ফুল,গল্প শুনাবা আমাৰ.....
আৰু কিছুদূৰ আগুৱাই যাও দলংৰ তললৈ..বৰষুন এতিয়াও ঢুকি নাপাই তাত...তুমিয়ে শিকাইছিলা ৷৷৷
অ পাহৰিলো ..মই আজিকালি এইফালে নহা হলো ...৷
আচ্ছা তুমি কি আগৰ দৰেই আছা?
তোমাৰ তো বয়সো নাবাঢ়ে?
সেই পৰিপাটি শাৰী,নীলা ফ্ৰেমৰ চশমা,পাৱাৰ বাঢ়িছে কিজানি ?
এতিয়াও খং উঠিলে চুলি কাটি পেলোৱা নেকি?
বৰ ভালপোৱা?
কিমান যে প্ৰশ্ন মনত........?
উত্তৰ বনাই লম, নিশ্চয় লম এদিন...
তুমি কেৱল আগুৱাই যোৱা,আগুৱাই যোৱা....
ভালে থাকিবা কিম্বা অকাৰন মনত পৰিলে নাথাকিবাঁ .......
ইতি
*********
Wednesday, 1 February 2017
প্ৰিয়তমা
Labels:
A
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment